সময়ৰ দিনলিপি

চক্ৰৱৎ পৰিৱৰ্ত্তনতে সুখানি চঃ দুখানি চঃ। জীৱনৰ ধামখুমীয়াত আমি হেৰাই যাওঁ যাত্ৰাপথৰ কেঁকুৰিত, সময়ৰ চাকনৈয়াত। সেই জীৱন যাত্ৰাৰ লেখ-জোখ – এই সময়ৰ দিনলিপি। Advertisements

শাৰদীয় শুভকামনা

আকৌ শৰৎ আহিল৷ শেৱালি ফুলিল, নিয়ঁৰ সৰিল৷ এক উৎসৱমুখৰ আয়োজনত ব্যস্ত চৌপাশ৷ প্ৰকৃতিৰ নিয়মৰো হানি বিঘিনি ঘটে, প্ৰাকৃতিক গতিময়তাক যেতিয়াই যান্ত্ৰিকতাৰ হাঁতোৰাই বাধা দিবলৈ আৰম্ভ কৰে তেতিয়াই পৰিবৰ্ত্তন আহে৷ প্ৰকৃতিৰ স্বাভাৱিকতাৰ পৰিবৰ্তন সদায়েই মানুহৰ হিতে নঘটে ৷ মানুহৰ বিলাসিতা, যান্ত্ৰিকতাৰ যাত্ৰাক মোকাবিলা কৰিবলৈ মানুহ বাৰে বাৰে ঘূৰি যায় প্ৰকৃতিৰ কাষলৈ৷ মাতৃৰ উদাৰতাৰে মানুহৰ সকলো প্ৰয়োজনক … বিস্তাৰিত পঢ়ক

শিশুটিৰ কি দোষ?

এখন ফটোগ্ৰাফে কেতিয়াবা জোকাৰি থৈ যাব পাৰে সমগ্ৰ সত্বাক! এটা কণমানি শিশু, এহাতত এখন আধাজ্বলা কুঁহিপাঠ, আনখন হাত ভয়ত মুঠি মাৰি ধৰি থকা । খালী ভৰি, পিঠিত স্কুল বেগ, ভয়াৰ্ত্ত চেহেৰা, দৌৰিছে এক নিৰাপদ স্থান অভিমুখে। বহু সময় ধৰি থৰ লাগি চাই থাকিলো ছবিখন, কব নোৱাৰাকৈয়ে চলচলিয়া হৈ পৰিল দুচকু। এক বুজাব নোৱাৰা অনুভৱে মোৰ … বিস্তাৰিত পঢ়ক

কাহিনী

প্ৰতেক স্মৃতিৰ প্ৰেক্ষাপটত এক কাহিনী নিহিত হৈ থাকে। প্ৰতিজন মানুহ, প্ৰতিখন ছবি, প্ৰতিখন সমাজ, প্ৰতিটো ঘটনা আৰু প্ৰতিটো স্থাৱৰ-অস্থাৱৰ বস্তুৰ অন্তৰালত ভুমুকি মাৰিলে অনুধাৱন কৰিব পাৰি সেই কাহিনী। তাৰেই পিছে পিছে লিখক-সাহিত্যিকৰ অন্তৰ্ৱত্তী যাত্ৰা, দৈনন্দিন আলাপৰ উত্স, সৃষ্টি, কৃষ্টি আৰু ক’ত কি ! মানুহ আৰু মানুহৰ প্ৰতিটো কাম, সমাজ আৰু সমাজৰ সকলো ৰীতি-নীতি এনে কাহিনীৰ … বিস্তাৰিত পঢ়ক